Psalms 65

প্ৰধান বাদ্যকৰৰ প্রতি: দায়ূদৰ ৰচিত গীত, সঙ্গীত।

1হে ঈশ্বৰ, চিয়োনত প্ৰশংসাই তোমালৈ অপেক্ষা কৰি আছে;
তোমালৈ সঙ্কল্প সিদ্ধ কৰা হব।
2হে প্ৰাৰ্থনা শুনোতা জনা,
তোমাৰ ওচৰলৈ সকলো মানুহ আহিব।
3আমাৰ অপৰাধবোৰ আমাৰ বিৰুদ্ধে;
তথাপি আমাৰ অধৰ্মবোৰ তুমিয়েই ক্ষমা কৰিবা।

4ধন্য সেইলোক যি জনক তুমি বাচিলৈ নিজৰ কাষলৈ আনা;

তোমাৰ চোতাল কেইখনত বাস কৰিব,
আমি তোমাৰ গৃহত, তোমাৰ মন্দিৰৰ পবিত্ৰ-স্থানত সন্তোষ্ট হম।

5তোমাৰ ধার্মিকর্তাৰে উত্তৰ দি আশ্চর্যজনক কার্য কৰিবা;

ঈশ্বৰ আমাৰ উদ্ধাৰকর্তা;
পৃথিবীৰ অন্তলৈকে তুমি আমাৰ বিশ্বাসভূমি;
সমুদ্ৰ আৰু সেইবোৰৰ পৰা দূৰৈত থকাসকলৰো।

6এই জনেই তুমি যি জনে পৰাক্ৰমেৰে পৰ্ব্বতবোৰ বনাই দৃড় কৰে;

শক্তিস্বৰূপ টঙালিৰে বিশেষভাৱে নিজকে বান্ধে।
7সমুদ্ৰ আৰু তাৰ ঢৌৰ গৰ্জন শান্ত কৰোতা,
আৰু তাৰ ঢৌৰ গর্জন,
লোকসমূহৰ কোলাহল শান্ত কৰোঁতা;

8পৃথিবীৰ চূড়ান্ত সীমাত থকা লোকসকলে তোমাৰ অদ্ভুত লক্ষণবোৰ দেখি ভয় কৰে;

সূর্য উঠা দিশৰ পৰা অস্তযোৱালৈকে আনন্দিত কৰোতা।
9তুমি পৃথিবীৰ বুজ-বিচাৰ ললা, আৰু তাত জল বৰষালা;
তুমি তাক বহু ফলৱান কৰিলা;
ঈশ্বৰৰ নদী জলেৰে পৰিপূৰ্ণ;
তুমি এইদৰে ভূমি যুগুত কৰি লোকসকলৰ বাবে শস্য যোগাইছা।

10তুমি তাৰ সীৰলুবোৰত প্ৰচুৰ পৰিমাণে পানী দিলা;

তুমি তাৰ সীৰলুবোৰৰ মাজত মাটিবোৰ বহালা;
তুমি জাক জাক বৰষুণেৰে ভূমি কোমল কৰিলা;
তুমি ভূমিৰ মাজত গজা অঙ্কুৰবোৰক আশীৰ্ব্বাদ কৰিলা।
11তুমি তোমাৰ মঙ্গলৰ মুকুটৰে বছৰটো ভূষিত কৰিলা;
আৰু তোমাৰ ৰথ যোৱা পথবোৰ পুষ্টিকৰ দ্ৰব পোৱা যায়।
12অৰণ্যৰ চৰণীয়া পথাৰতহে তাক পোৱা যায়;
আৰু পাহাৰবোৰে তাত আনন্দৰ ভূষণ পৰিধান কৰে।

চৰণীয়া পথাৰবোৰত জাক জাক ভেড়াৰ বস্ত্ৰেৰে বিভূষিত হৈছে;

উপত্যকাবোৰ শস্যেৰে ঢকা হৈছে;
সেইবোৰে জয়-ধ্বনিকৰে আৰু গীতগান কৰে।
13

Copyright information for AsmULB